
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে তুমুল যুদ্ধ। দুয়োখন দেশৰ এই যুদ্ধই সংবাদমাধ্যমত ব্যাপক চৰ্চা লাভৰ মাজতেই এক ভাল খবৰে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এই খবৰ যুদ্ধৰ নহয় যদিও ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে সম্পৰ্কিত।
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত মধ্যস্থতাকাৰীৰ ভূমিকা নল’লেও ভাৰতে এতিয়া মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে দুয়োখন দেশৰ মাজত। দৰাচলতে এতিয়া দুয়োখন যুদ্ধংদেহী দেশৰ মাজত শান্তিৰ বতৰা কঢ়িয়াই আনিছে এহাল প্ৰেমিক যুগলে।
যুদ্ধৰ মাজতেই ৰাছিয়াৰ প্ৰেমিক আৰু ইউক্ৰেইনৰ প্ৰেমিকাই হিমাচল প্ৰদেশত উপস্থিত হয়। ৰাছিয়াৰ ছাৰ্জেই ন’ভিকভ আৰু ইউক্ৰেইনৰ ইলোনা ব্ৰামোকাৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হিমাচলৰ ধৰমশালাত উপস্থিত হৈ দুয়োগৰাকীয়ে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে মাংগলিক অনুষ্ঠানৰ মাজতেই নিজৰ বিবাহ সম্পূৰ্ণ কৰে।
আশা কৰা হৈছে ছাৰ্জেই ন’ভিকভ আৰু ইলোনা ব্ৰামোকাৰ মিলনে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি-সমন্বয়ৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হ’ব।
- Log in to post comments