দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে মাংকিপক্সে!

Monkeypox

ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে মাংকিপক্সে ! বুধবাৰে দিল্লীত এগৰাকী ৩১ বছৰীয়া মহিলাৰ শৰীৰত ধৰা পৰিছে মাংকিপক্সৰ অৱস্থিতি৷ মাংকিপক্সত আক্ৰান্ত হোৱা এইগৰাকী হৈছে ভাৰতৰ প্ৰথম মহিলা ৰোগী, মহিলাগৰাকীয়ে কোনোধৰণৰ ভ্ৰমণ কৰা নাছিল বুলি জানিব পৰা গৈছে৷

বৰ্তমান মহিলাগৰাকীক দিল্লীৰ এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ইয়াৰ পূৰ্বে মঙলবাৰে দিল্লীত বাস কৰা এগৰাকী নাইজেৰিয়া মূলৰ লোকৰ দেহত শেহতীয়াভাৱে ধৰা পৰিছিল মাঙ্কি’পক্সৰ উপস্থিতি৷ এইজন লোকৰো নাই শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ কোনো তথ্য ৷ দিল্লীত চতুৰ্থটো মাঙ্কিপ’ক্স সংক্ৰমণৰ ঘটনা ।

ইতিমধ্যে দেশখনত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৯ গৰাকীলৈ৷ দেশত এতিয়ালৈকে কেৰালাৰ পৰা ৫ টা আৰু দিল্লীৰ পৰা ৪ টা মাঙ্কিপক্সৰ ঘটনা পোহৰলৈ আহিছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাংকিপক্স হৈছে জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ভাইৰাছ। ইয়াৰ লক্ষণসমূহৰ ভিতৰত জ্বৰ, শৰীৰত ঘাঁ হোৱা আৰু লিম্ফ ন’ড ফুলা আদিয়েই জটিলতা সৃষ্টি কৰিব পাৰে। সাধাৰণতে ই এক স্ব-সীমিত ৰোগ ইয়াৰ লক্ষণবোৰ দুসপ্তাহৰ পৰা চাৰি সপ্তাহলৈকে থাকে।

Category
Profile picture for user UB Photos