‘উত্তৰ-পূৱৰ লোকে হেনো কেৱল নাটক কৰে’ দিল্লীত অসমৰ যুৱতীক হাৰাশাস্তি দিল্লী আৰক্ষীৰ!

Delhi Girl

দিল্লীত সুৰক্ষিত নহয় উত্তৰ-পূৱৰ যুৱক-যুৱতী! অসমৰ যুৱতী জোন মেচিক দিল্লীত দিল্লী আৰক্ষীয়ে সহযোগ নকৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷

তাৰ পৰিৱৰ্তে অশ্ৰাৱ্য গালি গালাজৰে অপদস্থ কৰিছিল জোন মেচিক৷ তাৰ পিছতেই জোনৰ পৰিয়ালে সহায় বিচাৰিছে অসম আৰক্ষীৰ৷ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত গোচৰ দিবলৈ আহিছে জোন মেচিৰ ভগ্নী বন্দিতা ৰয়ে ৷

দিল্লী আৰক্ষীয়ে হেনো কৈছিল ‘উত্তৰ-পূৱৰ লোকে হেনো কেৱল নাটক কৰিব জানে’৷ নিশা ১২বজালৈ থানাত বহুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ ৷ দিল্লী আৰক্ষীয়ে সহায় নকৰাৰ বাবে মহানগৰ আৰক্ষীৰ কাষ চাপিছে যুৱতী গৰাকীৰ ভগ্নী ৷

Category
Profile picture for user UB Photos