পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই এচিড পান কৰাই হত্যা কৰিলে এগৰাকী মহিলাক

deadbody

কৰিমগঞ্জ জিলাত এগৰাকী মহিলাক শহুৰেকে এটা কন্যা সন্তান জন্ম দিয়াৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো কৰিমগঞ্জ জিলাৰ অন্তৰ্গত ভৈৰবনগৰ অঞ্চলত সংঘটিত হয় ।

মহিলাগৰাকীক তেওঁৰ স্বামী আৰু শহুৰেকৰ দ্বাৰা এচিড সেৱন কৰিবলৈ বাধ্য কৰাৰ পিছত মৃত্যু হোৱা বুলি অভিযোগ কৰা হৈছে।

সূত্ৰঅনুসৰি, মহিলাগৰাকীক তেওঁৰ স্বামী আৰু তেওঁৰ শহুৰেকে পুত্ৰ সন্তান জন্ম দিয়াত বিফল হোৱাৰ বাবে এই অপৰাধ সংঘটিত কৰে বুলি জানিব পৰা গৈছে।

মৃত মহিলাগৰাকী সুমনা বেগম বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটোৰ পিছত, চাকিল আহমেদ নামৰ অভিযুক্ত স্বামীক আৰক্ষীৰ জিম্মাত লোৱা হয়।

ভুক্তভোগী মহিলাগৰাকীক লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু চিকিৎসাৰ সময়ত তেওঁ মৃত্যুবৰণ কৰে।

Category
Profile picture for user UB Photos