প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে ড্ৰাগছ যোগান ধৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতক!

Sushant n Rhea

বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ দুটা বছৰৰ পাছত পোহৰলৈ আহিছে ন ন তথ্য।

বুধবাৰে, অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে দেশৰ ড্ৰাগছ বিৰোধী সংস্থা(NCB)ই। প্ৰেমিক অভিনেতা সুশান্ত সিং ৰাজপুতৰ বাবে ড্ৰাগছ ক্ৰয় কৰাৰ অপৰাধত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উঠিছে অভিযোগ।

সুশান্ত সিং ৰাজপুতৰ হাইপ্ৰফাইল হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত Narcotics Control Bureau চমুকৈ NCBয়ে ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন ৩৪জনৰ নাম অন্তৰ্ভুক্ত কৰিছে। NCBয়ে ইতিমধ্যে ৩৫ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছে চাৰ্জশ্বীট। ৩০ বছৰীয়া অভিনেত্ৰী ৰিয়াই সুশান্ত সিং ৰাজপুতৰ বাবে মাৰিজুৱানা ক্ৰয় কৰাৰ অভিযোগ উঠিছে। আনকি এই অভিযোগত ৰিয়াৰ ভাতৃ চাউৱিক চক্ৰৱৰ্তীৰ নামো অন্তৰ্ভুক্ত হৈছে।

NCBয়ে অভিযোগ উত্থাপন কৰিছে যে, ৰিয়া চক্ৰৱৰ্তীয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক ড্ৰাগছৰ যোগান ধৰাৰ লগতে এই ড্ৰাগছৰ বিনিময়ত টকাও ব্যয় কৰিছিল। উল্লেখ্য যে, NCBৰ অভিযোগ সত্য প্ৰমাণিত হ’লে ১০ বছৰৰ কাৰাবাস খাটিবলগীয়া হ’ব পাৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে, NCBৰ অভিযোগ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি ৰিয়া চক্ৰৱৰ্তীয়ে কয় যে, ‘সুশান্ত সিং ৰাজপুতে মাৰিজুৱানা খাইছিল সঁচা, কিন্তু এয়া মই যোগান ধৰা নাছিলো। আনকি মই বহুবাৰ তেওঁৰ এই অভ্যাস আঁতৰাবলৈ চেষ্টা কৰিছিলো, কিন্তু মই জীৱনত কেতিয়াও কোনো ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে কথা পতা নাই’।

Category
Profile picture for user UB Photos