প্ৰাকৃতিক পৰিৱেশৰ এক অপৰূপ সৌন্দয্য পাহাৰৰ পৰা বৈ অহা জলপ্ৰপাত ৷ জলপ্ৰপাত সদায়েই তললৈ বৈ যায় ৷ কিন্তু আপুনি শুনিছেনে কেতিয়াবা যে জলপ্ৰপাত ওপৰলৈ ওলোটাকৈ বৈ যায় ৷
ভাৰতৰ এখন বিশেষ ঠাই, য’ত জলপ্ৰপাত ওলোটাকৈ বৈ যায়, হয় আপুনি ঠিকেই শুনিছে। প্ৰথমে এই দৃশ্য দেখি স্তম্ভিত হ’ব আপুনিও। ঠাই ডোখৰত জলপ্ৰপাতৰ পানী তললৈ পৰাৰ পৰিৱৰ্তে ওপৰলৈ উঠি যোৱা পৰিলক্ষিত হয়। বিশেষকৈ বাৰিষা বতৰত এই জলপ্ৰপাতৰ দৃশ্য অতিকৈ মনোমহা হয়। এই জলপ্ৰপাত মহাৰাষ্ট্ৰৰ নানেঘাটত অৱস্থিত।
এই ঠাইত পাহাৰৰ পৰা পৰি থকা পানী তললৈ পৰি যোৱাৰ সলনি ওপৰলৈ যোৱা দেখা যায়। বৰ্তমান এই ঠাইৰ জলপ্ৰপাতৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ ভিডিঅ’টো ভাৰতীয় বন বিষয়া (আই এফ এছ) সুশান্ত নন্দাই টুইটাৰত শ্বেয়াৰ কৰি লিখিছে- “যেতিয়া বতাহৰ গতিবেগ মাধ্যাকৰ্ষণ বলৰ সমান আৰু বিপৰীত হয়, তেতিয়া নানেঘাটত বাৰিষাৰ সৌন্দৰ্য্য।
দেওবাৰে অফিচিয়েলে শ্বেয়াৰ কৰাৰ পিছৰে পৰা এই ভিডিঅ’টোৱে টুইটাৰত মিলিয়নৰো অধিক ভিউজ লাভ কৰাৰ লগতে ২০ হাজাৰৰো অধিক লাইক লাভ কৰিছে। ভিডিঅ’টো দেখি পৃথিৱীত স্বৰ্গ বুলিও মন্তব্য কৰিছে একাংশ লোকে৷ আপোনালোকক কওঁ যে নানেঘাট হৈছে কংকন উপকূল আৰু ডেক্কান মালভূমিৰ জুন্নাৰ নগৰৰ মাজৰ পশ্চিম ঘাট ৰেঞ্জৰ এটা পৰ্বত পাৰ।
- Log in to post comments