কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান! বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ টায়াৰ জ্বলাই প্ৰতিবাদ

Abhishek Mahanta

এটা অপ্রত্যাশিত খবৰ, তাৰপিছতে কটন বিশ্ববিদ্যালয়ত লাগিল হুৱাদুৱা।

ক্ষোভ সামৰি প্ৰতিবাদমুখী হৈ উঠিল বহু ছাত্ৰ-ছাত্ৰী। কটন বিশ্ব বিদ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে কটনিয়ানে।

কাৰণ, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পিছতে উত্তাল হৈ পৰে কটন বিশ্ববিদ্যালয়ৰ বাকৰি।

আনকি খং আৰু ক্ষোভত ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই কটনিয়ানে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সাধাৰণ সম্পাদক অভিষেক মহন্ত।

ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি কাম কৰাৰ আশাতে কটনিয়ানে সাধাৰণ সম্পাদকৰ পদত জয়ী কৰোৱা অভিষেকৰ এনে পদক্ষেপে এতিয়া আচৰিত কৰি তুলিছে কটনীয়ানক। এই পদক্ষেপৰ পিছত প্ৰতিবাদৰ জোৱাৰ উঠিছে এম এন ডি পি হোষ্টেলটো। হাতত পত্ৰ লৈ প্ৰতিবাদ কৰিলে হোষ্টেলৰ ছাত্ৰই।

অভিষেক মহন্তৰ এনে পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে। 

Category
Profile picture for user UB Photos