মহানগৰীৰ স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল কেইবাটাও নতুন নিয়ম..

school bus

মহামগৰীত স্কুল বাছৰ ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব। 

বাছত থাকিব চি চি কেমেৰা, জি পি এছ, ছাইৰেনকে ধৰি কেইবাটাও নতুন নতুন নিয়ম। 

ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে বহুকেইটা নতুন নিয়ম।

আজিৰ দিনটোত গুৱাহাটীৰ কেইবাখনো স্কুল কৰ্তৃপক্ষৰ লগত আলোচনা DTO জিলা পৰিবহন প্ৰাধিকাৰী বিষয়া ৰফিকুল ইছলামৰ।

কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যলয়ত এই আলোচনা।

আনহাতে নিয়ম উলংঘা কৰা স্কুল কৰ্তৃপক্ষই ভৰিব লাগিব জৰিমনা, তথা জব্দ কৰা হ'ব বাহন। কৰ্তৰ পৰা দিয়া হ'ব জাননী। স্কুল বাহনত এতিয়াৰ পৰা থাকিব লাগিব মহিলা সহায়ক।

উল্লেখ্য় যে, মহামগৰীত প্ৰায় ১২০০ খন স্কুল বাছ আছে। এতিয়াৰ পৰা সৰু বাহনেৰে স্কুল ভাৰা মাৰিলেও ৰঙ সলনি কৰি হালধীয়া কৰিব লাগিব নম্বৰ প্লেট।

Category
Profile picture for user UB Photos