আৰম্ভ ৰাষ্ট্ৰপতি ভৱনৰ দৌৰ, দ্ৰৌপদী মুৰ্মুৱে দাখিল কৰিলে মনোনয়ন…

Droupadi Murmu Nomination

ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে দৌপ্ৰদী মুৰ্মুৱে। দিল্লীত মনোনয়ন পত্ৰ দাখিল কৰিলে NDAৰ প্ৰাৰ্থী, ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিৰ বহুকেইজন শীৰ্ষ নেতাৰ উপস্থিতিত শুকুৰবাৰে, সংসদত মনোনয়ন দাখিল কৰে মুৰ্মুৱে।

দ্ৰৌপদী মুৰ্মুৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে দাখিল কৰে প্ৰস্তাৱ। বিজেপিয়ে মুৰ্মুৰ প্ৰাৰ্থীত্বৰ বাবে চাৰিটা ছেট প্ৰস্তুত কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা হৈছে মনোনয়ন পত্ৰৰ স্বাক্ষৰকাৰী।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগোৱা আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুৱে ২০০০ চনৰ মাৰ্চ মাহৰ পৰা ২০০৪ চনৰ মে’ মাহলৈকে উৰিষ্যা চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল। ২০১৫ চনৰ মে’ মাহত ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে নিৰ্বাচিত হৈছিল মুৰ্মু।

Category
Profile picture for user UB Photos