ব্ৰেকআপৰ পিছত প্ৰথমবাৰৰ বাবে একেলগে কাৰ্তিক আৰু চাৰা; অনুৰাগীৰ মাজত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'

Karthik n Sara

কাৰ্তিক আৰ্যন আৰু চাৰা আলী খানৰ বিচ্ছেদৰ খবৰৰ বিষয়ে সকলোৱে হয়তো অৱগত।

দুয়োকে "লাভ আজি কাল ২" ছবিখনত একেলগে দেখা গৈছিল, যদিও ছবিখনে বক্স অফিচত ইমান ভাল সঁহাৰি পোৱা দেখা নগ'ল, কিন্তু অনস্ক্ৰীণ দুয়োৱে ইজনে সিজনক ডেট কৰা আৰম্ভ কৰিছিল।

কাৰ্তিক আৰু চাৰাৰ যুটি দৰ্শকে বহুত ভাল পাইছিল আৰু কিছুসংখ্য়কে দুয়োৰে অনুৰাগী হৈ পৰিছিল আৰু তেওঁলোকক #Sartik নাম দিছিল। অৱশ্যে, দুয়োজনৰ মাজৰ সম্পৰ্ক বেছি দিন স্থায়ী নহ'ল আৰু তেওঁলোকে তেওঁলোকৰ সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছিল। কাৰ্তিক আৰু চাৰাৰ বিচ্ছেদৰ খবৰেও অনুৰাগীসকলক বৰ দুখিত কৰি তুলিছিল।

ইমান বছৰৰ ব্ৰেকআপৰ পিছত, কাৰ্তিক আৰু চাৰাক এক এৱাৰ্ড শ্ব'ত একেলগে উপস্থিত হোৱা দেখা গৈছে। কাৰ্তিক আৰু চাৰা মুখামুখি হোৱাৰ লগে লগে ইজনে সিজনক সাৱটি ধৰে। কেৱল এয়াই নহয়, তেওঁলোকে পাপাৰাজ্জিৰ বাবেও একেলগে পোজ দিয়ে। কাৰ্তিক আৰু চাৰাক একেলগে দেখি সকলোৱে আচৰিত হয় আৰু একে সময়তে অনুৰাগীসকল বহুত সুখী তেওঁলোকৰ মৰমৰ #Sartikক পুনৰবাৰ একেলগে দেখি।

 

যদিও কিছুমানে দুয়োকে একেলগে দেখি সুখী হয়, কিছুমান লোকে কয় যে চাৰা কম্ফৰটেবল নহয়, তাই কেৱল ফটোৰ বাবে হাঁহি আছে। সেই সময়ত চাৰা আৰু কাৰ্তিকৰ মনত কি চলি আছিল সেয়া তেওঁলোক দুয়োৱে জানিব, অনুৰাগীসকলে দুয়োকে একেলগে দেখি হতবাক হৈ পৰিছিল।

অৱশ্য়ে, পিন্ধনৰ বিষয়ে ক'বলৈ গ'লে, হেণ্ডচাম হাংক কাৰ্তিকক ক'লা চুট পিন্ধাত যথেষ্ট স্মাৰ্ট লাগিছিল, আনহাতে চাৰাক ব্লেক থাই হাই শ্লিট গাউনত বেছ ধুনীয়া লাগিছিল।

Category
Profile picture for user UB Photos