বানপীড়িতলৈ সহায়ৰ হাত অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীৰ, আগবঢ়ালে ৫ লাখ টকা

cm fund

অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহি বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীয়ে অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ বৰঙণি আগবঢ়াই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত ধন্যবাদ জ্ঞাপন কৰি এই কথা ঘোষণা কৰে।

"বলীউড অভিনেতা শ্ৰী অৰ্জুন কাপুৰ আৰু পৰিচালক শ্ৰী ৰোহিত চেট্টীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ বৰঙণি লৈ অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিছে। তেওঁলোকৰ উদ্বেগ আৰু উদাৰতাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।"

 

Category
Profile picture for user UB Photos