'পৰদেশ'খ্যাত অভিনেত্ৰী মহিমা চৌধুৰী ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত!

Mahima Choudhury

বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী আক্ৰান্ত হৈছে ব্ৰেষ্ট কেন্সাৰত। এটা ভিডিঅ’ৰ জৰিয়তে মহিমাই নিজৰ ৰোগৰ কথা অনুৰাগীসকলক অৱগত কৰিছে। 

'পৰদেশ' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত নিজৰ ছাপ পেলোৱা নায়িকা মহিমা চৌধুৰী স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত।

তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। অভিনেতা অনুপম খেৰে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই বাতৰি ৰাজহুৱা কৰে। একে সময়তে খেৰে অভিনেত্ৰীগৰাকীৰ সাহস আৰু যুঁজাৰু মনোভাবকো প্ৰশংসা কৰে।

 

উল্লেখ্য় যে, ব্ৰেষ্ট কেন্সাৰ কথা মহিমাই সকলোৰে পৰা লুকুৱাই ৰাখিছিল আনকি পিতৃ-মাতৃৰ পৰাও। তেওঁৰ ৰোগৰ বিষয়ে প্ৰথমে গম পাইছিল অনুপম খেৰে। অনুপম খেৰে তেওঁৰ ছবি 'দ্য ছিগনেচাৰ’ৰ বাবে মহিমালৈ ফোন কৰিছিল। সেই সময়ত মহিমাই অনিচ্ছাস্বত্বেও নিজৰ ৰোগৰ কথা অনুপম খেৰক জনাবলগীয়া হৈছিল। ভিডিঅ’টোত মহিমাই চকুলো টুকি কৈছিল কেতিয়া আৰু কেনেকৈ কেন্সাৰত আক্ৰান্ত তেওঁ হৈছিল। মহিমাই কৈছিল যে ‘‘মোৰ কোনো লক্ষণ দেখা নাছিল। মই প্ৰতি বছৰে ৰুটিন চেকআপ কৰো, য’ত ব্লাড টেষ্ট, ছ’ন’গ্ৰাফী সকলো কৰা হয়। মোৰ ছ’ন’গ্ৰাফী কৰা ডাক্তৰে মোক ক’লে যে আপুনি ডাঃ মন্দৰক এবাৰ দেখুৱাটো ভাল হ’ব। আৰু তাত দেখুৱাওতে মোৰ কেন্সাৰ ধৰা পৰে। যি কথাই মোক খুব ভয় খুৱালে। কেন্সাৰ বুলি কলে সকলোৱে ভয় খায় সেয়ে মই এই কথাটো মা-দেউতাৰ পৰাও লুকুৱাই ৰাখিলো।’’ 

মহিমাই শ্বেয়াৰ কৰা ভিডিঅ’টোত অনুপম খেৰকো দেখা গৈছে। অনুপম খেৰে মহিমাক ’ৰিয়েল হিৰ’ বুলি অভিহিত কৰিছে আৰু মহিমা যাতে সম্পূৰ্ণ সুস্থ হৈ উঠে তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ, প্ৰাৰ্থনা কামনা কৰে অনুপম খেৰে।

Category
Profile picture for user UB Photos