অসম জাতীয় পৰিষদত ধুমুহা, ইজনৰ পিছত সিজন নেতাৰ পদত্যাগে লৰাইছে অজাপৰ ভেটি…

chittaranjan basumatary resigns from AJP

অসম জাতীয় পৰিষদ দলত মোক্ষম আঘাত। AJPৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ। শুকুৰবাৰে, আনুষ্ঠানিকভাৱে অজাপৰ পৰা পদত্যাগ কৰে নেতাগৰাকীয়ে।

 

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে পদত্যাগৰ কথা জনায় নেতাগৰাকীয়ে। ‘মই এতিয়া ৰাজনীতিকভাৱে মুক্ত’ বুলি পোষ্ট চিত্তৰঞ্জনৰ।

chittaranjan basumatary resigns from AJP

 

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ধেমাজিৰ অজাপ প্ৰাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। লগতে মাজুলীৰ উপ-নিৰ্বাচনৰ অজাপ প্ৰাৰ্থীগৰাকীয়ে ভূৱন গামৰ বিৰুদ্ধে নিৰ্বাচনত থিয় হৈ বিজেপিৰ প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল।

Category
Profile picture for user UB Photos