ৰসগোল্লাৰ আকাৰ ডাঙৰ হোৱাটোয়েই হ'ল কাল! গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰ্মচাৰীক!

ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৰ গুৰুলাগুৰুলকৈ প্ৰহাৰ!

ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৰ বাবেই হোটেলৰ কাৰিকৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ মালিকৰ
কিমান বৰ্বৰ হ'ব পাৰে এখন হোটেলৰ মালিক! ৰসগুলা আকাৰ ডাঙৰ হোৱাটোৱে কাল হ'ল অজিত দাস নামৰ এজন কাৰিকৰৰ।

ঘটনোটো সংঘটিত হৈছে গহপুৰৰ মা দূৰ্গা হোটেলত। হোটেলখনৰ মালিক বাপন ঘোষৰ প্ৰহাৰত পিঠিৰ মঙহ ফাটি তেজৰ চেকুৰা বৈছে কৰ্মচাৰীজনৰ গাৰ পৰা।

সামান্য কথাতে মাৰপিট কৰা বাপনৰ মাৰত পূৰ্বেও ঘূনীয়া হৈছে বহুজন কৰ্মচাৰী।

নিজকে বিজেপি দলৰ নেতা বুলি জহাই ফুৰা বাপনৰ প্ৰহাৰত হোটেলৰ কাৰিকৰ অজিত দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
চিকিৎসাৰ বাবে হাতত পইছা নোহোৱাৰ বাবে বিনা চিকিৎসাৰে ঘৰতে থাকিব লগা হৈছে কৰ্মচাৰীজনে।

Category
Profile picture for user UB Photos