
কলেজীয়া জীৱনৰ স্মৃতি সুঁৱৰি নষ্টালজিক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত অংশ লৈ অতীতৰ কথা সুঁৱৰিলে মন্ত্ৰীগৰাকীয়ে।
কলেজত পঢ়ি থকাৰ সময়ত মাত্ৰ এটকাৰ বাবেই কাৰাবাস খাটিবলগীয়া হৈছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মেটাদ’ৰ গাড়ীত উঠি এমাহৰ বাবে জে'লৰ ভাত খাইছিল বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। একালৰ সহপাঠী ইভা খাউণ্ডৰ সৈতে জড়িত হৈ থকা এই স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰিল মন্ত্ৰী কেশৱ মহন্ত।
কলেজত পঢ়ি থাকোতে National Security Actৰ অধীনত এমাহৰো অধিক দিনৰ বাবে ৰঙাঘৰৰ আলহী হৈছিল বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰীগৰাকী।
- Log in to post comments