দুঃখবৰে যেন লগ এৰা নাই অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ। কিংবদন্তী খেলুৱৈ শ্বেন ৱাৰ্নৰ পিছতেই মৃত্যুক সাবটিলে অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছে।

এক পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় ৪৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে। শনিবাৰে নিশা গৃহচহৰ কুইন্সলেণ্ড চহৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত বাহনখনত অকলেই আছিল খেলুৱৈগৰাকী। নিশা ১১ বজাৰ পাছত সংঘটিত হয় এই ঘটনা। এন্ড্ৰিউ ছাইমণ্ডেছে চলাই যোৱা বাহনখন ৰাস্তাৰ পৰা আঁতৰি বাগৰি পৰাৰ বাবে গুৰুতৰভাৱে আহত হৈ অৱশেষত মৃত্যুক সাবটি লয় খেলুলৈগৰাকীয়ে। এই খবৰে স্বাভাৱিকতে দুখৰ ছাঁ পেলাইছে ক্ৰীড়া জগতত। প্ৰিয় খেলুৱৈগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে অনুৰাগী।
উল্লেখ্য যে, ৪৬ বছৰীয়া এণ্ড্ৰিউ ছাইমণ্ডছে ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে মুঠ ২৬খন খেল আৰু ১৯৮খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলিছে। তেওঁ আছিল দুবাৰৰ বিশ্বকাপ বিজয়ী।
- Log in to post comments