Guwahati: দিছপুৰ কলেজৰ একাউণ্টৰ ৭৬লাখ টকা কেনেকৈ সোমাল পশ্চিমবংগৰ NGOৰ একাউণ্টত?

Dispur College

মহানগৰীৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান দিছপুৰ মহাবিদ্যালয়ৰ সকলো ধনৰ লেনদেন হৈছিল দিছপুৰস্থিত বেংক অব বৰোডা শাখাত ৷ 

জানিব পৰা মতে, মহাবিদ্যালয়খনৰ অধ্যক্ষই কলকাতাৰ "জাতীয় কম্পিউটাৰ স্বাক্ষৰতা মিছন" নামৰ এটা বেচৰকাৰী সংস্থাৰ নামত ৭৬ লাখ টকাৰ  ধন RTGS কৰিবৰ বাবে অনুমতি বিচাৰি এটা মেইল লাভ কৰিছিল ৷ কিন্তু অধ্যক্ষগৰাকীয়ে মেইলটোৰ উত্তৰ প্ৰেৰণ কৰাৰ পূৰ্বেই মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ৭৬ লাখ টকা ট্ৰেন্সফাৰ কৰি লয় সংস্থাটোৱে।

ইয়াৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই দিচপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। অৱশ্যে, গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

কিন্তু ইমান এটা বৃহৎ ধনৰাশি বহিৰাগত এটা ব্যক্তিগত সংস্থাৰ একাউণ্টালৈ ভৰাই দিয়াৰ আগমূহুৰ্তত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ অনুমতি নলৈ এটা ভূৱা মেইলৰ ভিত্তিত ধনৰাশি মুকুলাই দিয়া কাৰ্যক সহজভাৱে লব পৰা নাই মহাবিদ্যালয়খনৰ অধ্যক্ষই ৷

মহাবিদ্যালয় কৰ্তৃপক্ষই অপৰাধটোত বেংকৰ কোনো বিষয়া জড়িত থকাৰ সন্দেহ কৰিছিল। যদিও বেংক কৰ্তৃপক্ষৰ মতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ মোবাইল হেক কৰি হেকাৰে লুটি নিছে সমুদায় ধন ৷

এই ক্ষেত্ৰত জগৰীয়া নহয় বেংক কৰ্তৃপক্ষ ৷ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা ধন সোমোৱা বেচৰকাৰী সংস্থাটোৰ একাউণ্ট বন্ধ কৰিব বাবে যোগাযোগ কৰিছে বেংক কৰ্তৃপক্ষৰসৈতে ৷ 

Category
Profile picture for user UB Photos