যোৰহাট চহৰৰ সমীপত এতিয়া ঘৰে ঘৰে ওলাইছে গুলী, পিছে ক'ৰ পৰা আহিল বৃহৎ পৰিমাণৰ সজীৱ গুলী...

Bullets seized in Jorhat

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট চহৰ। যোৰহাট চহৰৰ সমীপৰ এখন গাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সজীৱ গুলী। যোৰহাট বালিগাঁৱৰ ৰাজতিয়াত ঘৰে ঘৰে ওলাইছে বন্দুকৰ সজীৱ গুলী।

 

ভোগদৈ নদীত সাতুৰিবলৈ যাওঁতে কেইজনমান কিশোৰে পানীৰ তলৰ পৰা উদ্ধাৰ কৰে গুলীখিনি। গুলী দেখি প্ৰথমে কিশোৰকেইজনে ভয় খায় যদিও পৰৱৰ্তী সময়ত স্থানীয় লোকক খবৰ দিয়াত বহুলোকে পানীৰ তলত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ সংখ্যক গুলী। স্থানীয় ৰাইজে গুলীখিনি উদ্ধাৰ কৰি লৈ যায় ঘৰলৈ।

 

মামৰে ধৰা গুলীকেইটা দেখি প্ৰথমতে সকলোৱে পুৰণি বুলি ভাবিছিল যদিও পাছত সেয়া সজীৱ গুলী বুলি জানিব পাৰি হুৱা-দুৱা লাগে সমগ্ৰ অঞ্চলত। ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গুলীসমূহ সংগ্ৰহ কৰে। প্ৰাথমিক তদন্তৰ পৰা আৰক্ষীয়ে এই গুলীসমূহ বহু পুৰণি আৰু বহু পূৰ্বেই নদীত পেলাই দিয়া হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

Category
Profile picture for user UB Photos