সন্ধান ওলাইছে GMCHৰ পৰা অপহৃত শিশুৰ!

Child

যোৱা ১৩ এপ্ৰিলৰ পুৱা GMCHৰ পৰা অপহৰণ কৰা হৈছিল এটা ৭মহীয়া কণমানিক। 

চিকিৎসাধীন অৱস্থাত থকা কণমানিটোক এগৰা়কী মহিলাই অপহৰণ কৰি নিয়াৰ দৃশ্যাংশ বন্দী হৈ ৰৈছিল CCTV কেমেৰাত ৷ অপহৰণৰ প্ৰায় ১০টা দিন উকলি যোৱাৰ পিছতো অপহৃত শিশুটোৰ সন্ধান উলিয়াব নোৱাৰা মহানগৰৰ ক্ৰাইম বাঞ্চে অপহৰণকাৰী মহিলাগৰাকীৰ ফটো ৰাজহুৱা কৰিছিল সংবাদমাধ্যমৰ আগত ৷

উল্লেখ্য় যে, GMCHৰ শিশু ৱাৰ্ডৰ পৰা প্ৰিয়ম কলিতা  নামৰ শিশু নিৰুদ্দেশৰ হোৱা সম্পৰ্কত এগৰাকী নাৰ্ছৰ নাম সাঙোৰ খাইছে।

নাম সাঙোৰ খাই পৰা নাৰ্ছ গৰাকী শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত বিভাৰাণী ঠাকুৰীয়া ৷ নাৰ্ছ গৰাকীয়ে ২১ এপ্ৰিল'ৰ পৰা ২৫ এপ্ৰিললৈ  ব্যক্তিগত অসুবিধা দেখুৱাই ছুটিৰ আবেদন কৰিছিল।
 

ইতিমধ্যে ছুটিৰ সময় উকলি যোৱাৰ পিচতো নাৰ্চগৰাকীয়ে চিকিৎসালয়ত যোগাদান কৰা নাই ৷

আনহাতে ,নাৰ্ছ গৰাকী শিশু নিৰুদ্দেশৰ সৈতে নাম সাঙোৰ খাই পৰাত তদন্তৰ বাবে বিভাৰাণী ঠাকুৰীয়াৰ শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱাসত উপস্থিত চাৰিজনীয়া ক্ৰাইম ব্ৰাঞ্চৰ দল ৷ 

তদন্তৰ খাতিৰত সাংবাদিকক পৰা আতৰত থাকিল তদন্তৰ বাবে অহা ক্ৰাইম ব্ৰাঞ্চৰ দলটো ৷

কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য মতে, কণমানিটোক অপহৰণ কৰিয়ে বিক্ৰী কৰি দিছিল শুৱালকুছিৰ এটা পৰিয়ালক ৷ পৰিয়ালটোৱে শিশুটি ক্ৰয় কৰাৰ কথা অচিনাক্ত এগৰাকী মহিলাই খবৰ দিছিল অপহৃত শিশুটিৰ পিতৃ-মাতৃক ৷

মহানগৰ ক্ৰাইমবাঞ্চে চেন্নাই আৰক্ষীৰে যোগাযোগ কৰি সোমবাৰে নিশা এখন হোটেলত অভিযান চলাই যদিও উদ্ধাৰ কৰিব সক্ষম নাই শিশুটো ৷ কিন্ত আশা কৰা হৈছে আজি দিনটোৰ ভিতৰতে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব শিশুটো ৷

Category
Profile picture for user UB Photos