মহানগৰীৰ বেলতলাত চাঞ্চল্যকৰ ঘটনা! কাম কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে

Guwahati Beltola

মহানগৰীৰ বেলতলা জয়ানগৰত চাঞ্চল্যকৰ ঘটনা। বন কৰা কিশোৰীক তিনিমহলীয়া অট্টালিকাৰ পৰা পেলাই দিলে ঘৰৰ গৰাকীয়ে।

ছলনী দীঘা নামৰ পোন্ধৰ বছৰীয়া কিশোৰী গৰাকীক তলত গতা মাৰি পেলাই দিয়ে গৰাকীয়ে। 

হাত, বুকু, পিঠি আৰু ডিঙিত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কিশোৰী গৰাকীক সংকতজনক অৱস্থাত এজাইল হস্পিতালত ভৰ্তি কৰোৱা হয় লগে লগে জি এম চি লৈ প্ৰেৰণ কৰে কিশোৰী গৰাকীক।

ভুক্তভোগী কিশোৰী গৰাকী ঘৰ টংলাৰ হাটীগড়ত।

বশিষ্ঠ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত সোধা পোছাৰ বাবে ঘৰৰ গৰাকী বনশ্ৰী চৰকাৰ তথা তেওঁৰ ভগ্নীক থানালৈ নিছে।

ইফালে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকী নিজ ঘৰলৈ যাবলৈ বিচৰা বাবে প্ৰায়ে কিশোৰী গৰাকীৰ ওপৰত অত্যাচাৰ চলোৱাৰ উপৰি আজি পেলাই দিয়াৰ বিস্ফোৰক স্বীকাৰোক্তি ভুক্তভোগী ছলনী দীঘাৰ।

আনহাতে জানুৱাৰী মাহৰ পৰা কাম কৰা কিশোৰী গৰাকীক মাত্ৰ ১০০০ টকা প্ৰদান কৰাৰ বিস্ফোৰক স্বীকাৰোক্তি কিশোৰী গৰাকীৰ।

উল্লেখ্য যে, বনশ্ৰী চৰকাৰৰ স্বামী সেনাবাহনীত কৰ্মৰত। সম্প্ৰতি ৰাজস্থানত কৰ্মৰত।
 

Category
Profile picture for user UB Photos