পুনৰ উত্তপ্ত মৰিয়নীৰ অসম নাগালেণ্ড সীমান্ত ৰংখাম!

Naga

অসম আৰক্ষীৰ BOP পৰা মাত্ৰ ২০০ মিটাৰ নিলগতে নগা দুৰ্বৃত্তই অসমৰ সংৰক্ষিত বনাঞ্চল ধংস কৰি পাতিছে নগাৰ চাহ বাগান।

যোৰহাট জিলাৰ টিয়ক থানাৰ অন্তৰ্গত মৰিয়নী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ অসম নাগালেণ্ড সীমান্তৰ তিৰুহিলচ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা সেউজ বনভূমি কাটি তহিলং নগা দুৰ্বৃত্তৰ,বনাঞ্চলৰ মূল্যবান গছ-গছনি কাটি অগ্নিসংযোগ কৰি পাতিছে নগাৰ চাহ, ৰৱৰৰ বাগিচা,ইতিমধ্যে বিস্তৰ ক্ষতিসাধন হৈছে বনাঞ্চলখনৰ।

নগাৰ আগ্ৰাসনত আতংকিত এতিয়া সীমান্তবাসী। ঘটনাস্থলীত উপস্থিত সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ এটা সজাঁতি দল সাংবাদিক সীমান্তৰ গাঁওবাসী কিন্তু বৰ্তমানলৈকে উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ কোনো লোক,বন কৰ্মীৰ দল,কাষতে লাগি থকা সীমান্ত নিৰিক্ষণ চকীৰ আৰক্ষীৰ দল ৷

দীৰ্ঘদিন ৰ পৰা চলি অহা এই আগ্ৰাসনৰ বিৰূদ্ধে ক্ষোভ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ,অসমৰ প্ৰশাসনক এক সপ্তাহ সময়সীমা বান্ধি দিয়ে ছাত্ৰ সংগঠনটোৱে অন্যথা ছাত্ৰ সংগঠনটোৱে নিজাববীয়াকৈ নগাই পতা চাহ,ৰবৰ বাগিচা উচ্ছেদ কৰাৰ হুমকি প্ৰদান অসমৰ প্ৰশাসনক৷

Category
Profile picture for user UB Photos