পাকিস্তানে পালে নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ! পিছে ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্বৰীফ কেনেদৰে হ’ল প্ৰধানমন্ত্ৰী??

pakistan new pm

আস্থা ভোটত পৰাজিত হৈ ইমৰাণ খানে এৰিলে প্ৰধানমন্ত্ৰীৰ পদ। ইয়াৰ পিছতেই পাকিস্তানে পালে নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক। কিন্তু কোন আছিল শ্বেহবাজ শ্বৰীফক?

পাকিস্তান-মুছলিম-লীগ-নৱাজৰ অধ্যক্ষ আছিল শ্বেহবাজ শ্বৰীফ। ২০১৮ চনৰ আগষ্ট মাহৰ পৰা পাকিস্তানৰ নেচনেল এছেম্বলীত বিৰোধী দলৰ নেতা হৈ আছিল নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। ইয়াৰ পূৰ্বে, তিনিবাৰ পঞ্জাৱৰ (পাক অধিকৃত) মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্বেহবাজ শ্বৰীফে।

১৯৫১ চনৰ ২৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শ্বৰীফ আছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৰু ভায়েক।
শ্বৰীফ পেছাত এজন ব্যৱসায়ী। তেওঁ যুটীয়াভাৱে Ittefaq গ্ৰুপৰ গৰাকী। তেওঁ ১৯৮৫ চনত লাহোৰ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ তথ্য অনুসৰি তেওঁৰ আনুমানিক ৩৩.৭ কোটি টকাৰ সম্পত্তি আছিল।

শ্বৰীফৰ ৰাজনৈতিক ইনিংছ ৮০ দশকত আৰম্ভ হৈছিল যেতিয়া তেওঁ ১৯৮৮-১৯৯০ চনত পঞ্জাৱ প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত সামৰিক অভ্যুত্থানৰ পিছত শ্বৰীফে তেওঁৰ পৰিয়ালৰ সৈতে ছৌদি আৰৱত বহু বছৰ নিৰ্বাসিত অৱস্থাত কটাইছিল। তেওঁ ২০০৭ চনত পাকিস্তানলৈ উভতি আহিছিল। ২০০৮ চনত, পিএমএল-এন-এ নিৰ্বাচনত বিজয় লাভ কৰাৰ পিছত তেওঁক পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল।

শ্বৰীফ ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈছিল। তেতিয়াৰ পৰা, তেওঁ তিনিবাৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল – ১৯৯৭, ২০০৮ আৰু ২০১৩।

তেওঁ সমগ্ৰ ৰাজ্যজুৰি অপৰাধীসকলৰ বিৰুদ্ধে অভিযানৰ নেতৃত্ব দিছিল। ১৯৯৯ চনত সেনাৰ অভ্যুত্থানৰ পিছত তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছিল।

২০২০ চনৰ ছেপ্টেম্বৰত শ্বৰীফক ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। এপ্ৰিল ২০২১ত, তেওঁক জামিন দিয়া হৈছিল যদিও গোচৰটো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে।

Category
Profile picture for user UB Photos