অসম পালেহি জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান! অসমলৈ আহি কি ভাল পালে ক'লে শ্ৰুতিয়ে...

shruti hasan

গুৱাহাটীত বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছান। ৰঙালীৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যেৰে আহিছে অভিনেত্ৰীগৰাকী।

অসমীয়া সাজ পাৰ পিন্ধি হোটেল ভিভান্টাত সংবাদমেল শ্ৰুতি হাছানৰ। লগতে উপস্থিত আছে শ্ৰুতিৰ বন্ধু চিত্ৰশিল্পী শান্তনু হাজৰিকা, শ্যামকানু মহন্ত।

Shruti With boyfrind

সাংবাদিকৰ প্ৰশ্নত জনপ্ৰিয় বলীউড অভিনেত্ৰীগৰাকীয়ে কয় যে অসমলৈ আহি তেওঁ যথেষ্ট সুখী।

উল্লেখ্য় যে, বহিঃৰাজ্যত প্ৰতিষ্ঠিত অসম সন্তান শান্তনুয়ে ক'লে চিত্ৰশিল্পৰ সাধনাৰ কথা- ছচিয়েল মিডিয়াৰ জৰিয়তে চিনাকি হৈছিল শান্তনুৰে। আনহাতে শান্তনুৰ চিত্ৰ দেখি অভিভূত হৈছিল শ্ৰুতি।

লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "মোৰ অসম ভ্ৰমণ কৰিবলৈ বহুত মন, অসমীয়া শিকি আছোঁ, মই বিভিন্ন ভাষা শিকি ভাল পাও। শান্তনুৰ মাতৃয়ে দিছিল মেখেলা চাদৰ, সেইয়া পিন্ধিছো, অসমীয়া গান শিকি আছোঁ।"

কামাখ্যা মন্দিৰ দৰ্শনলৈও আহিব অভিনেত্ৰী শ্ৰুতি হাছান।

আলু পিতিকা,গাহৰি খাই ভাল পোৱাৰ কথাও কলে অভিনেত্ৰী গৰাকীয়ে। 

Category
Profile picture for user UB Photos