দুৰ্নীতি-অনিয়মত গেলিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ণ বিভাগ! MGNREGA আচঁনিৰ নামত বৃহৎ কেলেংকাৰী

mafia

ক'ত হেৰাল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীল নীতি। এইবাৰ বৰপেটা জিলাত MGNREGA আচঁনিৰ কাম অনুমোদনৰ নামত চলিছে বৃহৎ কেলেংকাৰী তথা  ক'লা বজাৰ।

বৰপেটা জিলা গ্ৰাম উন্নয়ণ অভিকৰণৰ কাৰ্যলয়ত  MGNREGA কাম অনুমোদন দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে প্ৰকল্প সঞ্চালক আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে। পঞ্চায়তৰ প্ৰতিনিধি সকলৰ গাঁও সভাত প্ৰস্তাৱিত কাম সমূহ অনুমোদন নকৰাৰ বিপৰীতে প্ৰকল্প সঞ্চালক মনোজ কুমাৰ চিকাৰীয়া আৰু কাৰ্যবাহী অভিযন্তা গুণীন দাসে ধনৰ লেনদেনৰ জৰিয়তে মধ্যভোগী একাংশ ঠিকাদাৰৰ কাম অনুমোদন কৰাৰ ভয়ংকৰ অভিযোগ।

বৃহৎ বৃহৎ কমিচনৰ দৰ-দামেৰে তথা ধনৰ লেনদেনেৰে প্ৰায়ভাগ কাম বিভিন্ন ঠিকাদাৰক অনুমোদন দিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে। যাৰ বাবে এই সমগ্ৰ ঘটনাকলৈ আজি ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি সকলে হাউলী সাংবাদিক সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰে।

সংবাদমেলত জিলাখনৰ হাজীপাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদে বিস্ফোৰক অভিযোগ উত্থাপন কৰে বৰপেটা জিলা গ্ৰাম উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে। সংবাদমেলত আহমেদে আৰু স্পষ্ট কৰে যে বৰপেটা জিলাত পঞ্চায়ত সমূহত MGNREGA আঁচনিৰ কাম অনুমোদন দিয়াৰ নামত ব্যাপক ধনৰ লেন দেন সংঘটিত কৰিছে। বৰপেটা জিলাত MGNREGA ৰ নামত যি দুৰ্নীতি হৈ আছে এনে দুৰ্নীতি অসমৰ ক'তো হোৱা নাই। লগতে এই সমগ্ৰ দুৰ্নীতি আৰু অনিয়মৰ এক সঠিক তদন্ত দাবী কৰে। অন্যথা ইয়াৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ প্ৰদান কৰে সভাপতি গৰাকীয়ে সংবাদ মেলত।
 

আনহাতে সংবাদমেলত ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নিতুল দাসে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কাম অনুমোদনৰ নামত প্ৰকল্প সঞ্চালক মনোজ কুমাৰ চিকাৰীয়া আৰু কাৰ্যবাহী অভিযন্তা গুণীন দাসে বজাৰ বহাইছে। মোৰ টকা নাই বাবে মোৰ কাম অনোমোদন নহ'ল এই অভিযোগ উত্থাপন কৰাৰ লগতে এই বৃহৎ দুৰ্নীতি সন্দৰ্ভত অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে।

Category
Profile picture for user UB Photos