ASSAM POLICE ENCOUNTER: ৰঙিয়াত বৃহৎ পৰিমানৰ হিৰ'ইন জব্দ! এজন ড্ৰাগছ মাফিয়া গুলীবৃদ্ধ, এজন আটক

Assam police encounter

ৰঙিয়াত নিশাৰ ভাগত কামৰূপ আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া বিদ্যুত দে ওৰফে বিপ্লব।

নিশাৰ ভাগতে আহত ড্ৰাগছ মাফিয়া গৰাকীক জি এম চি এইছলৈ প্ৰেৰণ কৰে । মিজোৰামৰ পৰা অধিবক্তাৰ প্ৰতিক চিহ্ন থকা AS01-BN-2633 নম্বৰৰ বলে'ৰো গাড়ী এখনে  বৃহৎ পৰিমানৰ ড্ৰাগছ লৈ আহি থকাৰ খবৰ কামৰূপ আৰক্ষীয়ে লাভ কৰিছিল । 

গাড়ীখন ৰঙিয়া অভিমুখে আহি থকাৰ খবৰ লাভ কৰাৰ লগে লগে কামৰূপ আৰক্ষীয়ে ৰঙিয়া আৰক্ষীৰ সহযোগত ৰঙিয়া বঙালীকুছিত বলে'ৰো খন আগুছি ধৰে । আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ চেষ্টা কৰাৰ লগে লগে এজন ব্যক্তিক আটক কৰাৰ লগতে আন এজন ব্যক্তি পলাবলৈ চেষ্টা কৰে । লগে লগে আৰক্ষীয়ে ব্যক্তি জনক লক্ষ্য কৰি দুইজাই গুলী কৰে । ব্যক্তি জনৰ ভৰিত গুলী লগাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়া জনক। পিচত গুলীবৃদ্ধ ড্ৰাগছ মাফিয়াজন ড্ৰাগছ মাফিয়া বিদ্যুত দে ওৰফে বিপ্লব বুলি জানিব পাৰে । আহত ব্যক্তিজনক নিশাৰ ভাগতে জি এম চি এইছলৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে  আটক কৰা আনজন ব্যক্তিৰ নাম জিংকু দাস। তেওঁলোকৰ দুয়োজনৰে ঘৰ শিলচৰৰ লক্ষিপুৰ বুলি জনিব পৰা গৈছে। আৰক্ষীয়ে বলে'ৰো খনৰ পৰা ৬.৪৬ গ্ৰাম হিৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । 

Category
Profile picture for user UB Photos