আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ!

আলোচনাচক্ৰ

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ।

আলোচনাচক্ৰৰ বিষয় "Unsung Heroes of Freedom Struggle of the Northeast in Folk Narratives"।

লোকসংস্কৃতি গৱেষণা বিভাগৰ উদ্যোগ তথা CSSRৰ সহযোগত আয়োজন কৰা হয় এই আলোচনাচক্ৰটিৰ। লোকসংস্কৃতি গৱেষণা বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথ, বিশিষ্ট উপন্যাসিক অৰূপা পটঙ্গীয়া কলিতা। তেখেতৰ ওপৰিও উপস্থিত থাকে বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰফেছৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য, লোকসংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক প্ৰফেছৰ অনিল কুমাৰ বড়ো। লগতে উপস্থিত থাকে বিভাগটোৰ শিক্ষাগুৰু, গৱেষক-গৱেষিকাসকলো।

উল্লেখ্য যে, দুদিনীয়াকৈ আয়োজন কৰা আলোচনাচক্ৰটিত দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গৱেষক-গৱেষিকা, শিক্ষাৰ্থীয়ে অংশ ল'ব।

ক'ভিডসৃষ্ট পৰিৱেশৰ পাছত বিশ্ববিদ্যালয়ত আয়োজিত এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰটিয়ে সকলোকে উৎসাহিত কৰিছে।

Category
Profile picture for user UB Photos