গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক-কৰ্মচাৰীসকললৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিশেষ ঘোষণা। সমগ্ৰ দেশজুৰি চৰ্চাত থকা 'দ্যা কাশ্মীৰ ফাইলছ' চাবলৈ অধ্যাপক-কৰ্মচাৰীক অৰ্ধছুটি দিব বিশ্ববিদ্যালয়ে।
এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন জাননী তেওঁলোকৰ অফিচিয়েল ৱেবচাইটত আপলোড কৰে। যোৱা ১৭ মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিয়া নিৰ্দেশনা নং GAG (B). 152/202/44ৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননী আগবঢ়াইছে।
সেই অনুসৰি চলচিত্ৰখন চাবলৈ বিচৰা অধ্যাপক-কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব আৰু চলচিত্ৰখন চাই সেই টিকট পাছদিনাই কাৰ্যালয়ত জমা দিব লাগিব। সেই টিকট জমা দিলেহে উক্ত দিনটোৰ অৰ্ধছুটী গণ্য কৰা হ'ব।
- Log in to post comments