গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত ফাইজুল আলী আৰু পোনা আলী।
সমূহ মহিলা আৰক্ষী থানাই মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুই ধৰ্ষণকাৰীক। অৱশ্যে, এতিয়াও পলাতক অৱস্থাত আন দুই ধৰ্ষণকাৰী। ইকিছুদিন পূৰ্বে এনকাউণ্টাৰত মৃত্যু হৈছিল মূল অভিযুক্ত বিকি আলীৰ।
উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনা সন্দৰ্ভত OYOৰ অধীনস্থ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত কৰ্মচাৰীজন হৈছে অভিজিৎ মজুমদাৰ। ধৰ্ষণ হোৱাৰ দিনটোত নথি-পত্ৰ অবিহনে হোটেলখনৰ ১০৫নং ৰুমটো লমপটকেইটাক ভাড়ালৈ দিছিল কৰ্তৃপক্ষই।
- Log in to post comments