৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহে ওনোমাটোমেনিয়াৰ সৈতে যুঁজি আছে

Naseeruddin Shah

৭১ বছৰীয়া নাছিৰুদ্দিন শ্বাহে ওনোমাটোমেনিয়াৰ সৈতে যুঁজি আছে, নিজেই ৰোগটোৰ অৰ্থ কৈছিল ।বলীউড অভিনেতা নাছিৰুদ্দিন শ্বাহে ‘ওনোমাটোমেনিয়া’ নামৰ এটা ৰোগৰ সৈতে যুঁজি আছে। শেহতীয়া এক সাক্ষাৎকাৰত, তেওঁ এই তথ্য দিছিল। সাক্ষাৎকাৰটোত, তেওঁ কৈছিল যে তেওঁ ওনোমাটোমেনিয়াৰ বাবে আৰামেৰে জীয়াই থাকিব নোৱাৰে আৰু বাৰে বাৰে তেওঁৰ কথাপুনৰাবৃত্তি কৰি থাকে ।

নাছিৰুদ্দিন শ্বাহে ইটাৰভিউত কয়, "মই ওনোমাটোমেনিয়া নামৰ ৰোগত ভুগি আছো। মই ধেমালি কৰা নাই। এইটো এটা মেডিকেল কণ্ডিশ্যন। আপুনি ইয়াক ডিকশনেৰীত চেক কৰিব পাৰে।'

তেওঁ লগতে কয়, "ওনোমাটোমেনিয়া হৈছে এক ৰোগ য'ত আপুনি কোনো কাৰণ নোহোৱাকৈ এটা শব্দ, বাক্য, কবিতা বা বক্তব্য পুনৰাবৃত্তি কৰি থাকে। মাত্ৰ আপুনি সেয়া শুনি থাকিবলৈ বিচাৰে। আনকি যেতিয়া মই শুই থাকো তেতিয়াও মই ভাল পোৱা শব্দবোৰ কওঁ।'

নাছিৰুদ্দিন শ্বাহক শেহতীয়াকৈ শ্বাহিদ কাপুৰৰ ভগ্নীৰ বিয়াত দেখা গৈছিল। য'ত তেওঁ পত্নী ৰত্না পাঠক শ্বাহৰ সৈতে উপস্থিত আছিল।

Category
Profile picture for user UB Photos