BSF কেম্পত গুলীবৰ্ষণ, ৫ সতীৰ্থ জোৱানক গুলীয়াই হত্যা BSF জোৱানৰ...

bullets-fired-at-amritsar-bsf-mess-5-jawans-including-shooter-dead-1-critical

এক শিহৰণকাৰী ঘটনাই জোকাৰিছে পঞ্জাৱৰ অমৃতসৰ। BSF কেম্পৰ ভিতৰত সতীৰ্থ জোৱানক গুলীয়াই হত্যা কৰিলে এজন জোৱানে। ঘটনাত প্ৰাণ হেৰুৱালে ৫জন সেনাই। সংকটজনক অৱস্থাত আছে এজন জোৱান।

দেওবাৰে, অমৃতসৰৰ খাচা BSF কেম্পত এজন জোৱানে অতৰ্কিতে সতীৰ্থৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। গুলী লগাৰ ফলত গুৰুতৰভাৱে আহত হয় ৬জন সেনা। জোৱানসকলক ততাতৈয়াকৈ গুৰু নানক দেৱ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ইতিমধ্যে মৃত্যুক সাৱটিছে পাঁচজন সেনা জোৱানে।

খবৰ অনুসৰি অমৃতসৰৰ ১৪৪ খাচা বেটেলিয়ন হেডকোৱাৰ্টাৰত জোৱান চট্টেপ্পা এচকেই গুলীবৰ্ষণ কৰাৰ ফলত পাঁচজন লোক আঘাতপ্ৰাপ্ত হয়।

এতিয়ালৈকে জানিব পৰা হোৱা নাই BSF জোৱানজনে গুলীবৰ্ষণ কৰাৰ আঁৰত থকা কাৰণৰ বিষয়ে। ঘটনাত জোৱান চট্টেপ্পা এচকেও আহত হৈ পৰৱৰ্তী সময়ত শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনা সন্দৰ্ভত court of inquiryৰ নিৰ্দেশ দিয়া হৈছে।ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

Category
Profile picture for user UB Photos