ইউক্ৰেইনত আৱদ্ধ চিকিৎসা বিজ্ঞান অধ্যয়ণৰত ডুমডুমাৰ হৃষিকেশ ডেকা; মন্দিৰত চাকি জ্বলাই সেৱা হৃষিকেশৰ মাতৃৰ

Indian Student

ইউক্ৰেইনত আৱদ্ধ চিকিৎসা বিজ্ঞান অধ্যয়ণৰত ডুমডুমা ৰূপাই চাইডিংৰ হৃষিকেশ ডেকা।

ইউক্ৰেইনত আৱদ্ধ হৈ আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ তথা ডুমডুমা ৰূপাই চাইডিং নিৱাসী সঞ্জিৱ কুমাৰ ডেকাৰ পুত্ৰ ২১ বছৰীয়া হৃষিকেশ ডেকা । ইউক্ৰেইনৰ চুমি চহৰত থকা Sumy State Medical Universityত চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষত অধ্যয়ণৰত ছাত্ৰ হৃষিকেশ ডেকা।

বিগত ২১ ফেব্ৰুৱাৰী তাৰিখ অৰ্থাৎ মাত্ৰ ১১ দিন পূৰ্বে ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান অধ্যয়ণ কৰিবলৈ গৈ আৱদ্ধ হোৱা হৃষিকেশ ডেকাক সোনকালেই ঘৰলৈ ঘূৰাই আনিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰলৈ কাঁতৰ অনুৰোধ জনাইছে হৃষিকেশৰ পিতৃ-মাতৃয়ে।

ইফালে, হৃষিকেশ যাতে সোনকালেই সুস্থ শৰীৰে ঘৰলৈ আহিব পাৰে তাৰ বাবে আজি হৃষিকেশৰ মাতৃয়ে মন্দিৰত ভগৱানৰ ওচৰত সেৱা আগবঢ়াই।
 

Category
Profile picture for user UB Photos