চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীৰ জিভা কাটি নিজে কৰিলে আত্মহত্যা!

Murder Representative

টংলাৰ হোমিওপেথিক চিকিৎসকে চোকা অস্ত্ৰৰে নৃশংসভাবে নিজ পত্নীৰ জিভা, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত ঘপিয়াই আক্ৰমণ কৰে। নিশা প্ৰায় ৩.৩০ মান বজাত সংঘটিত হয় এই ঘটনা।

জয়ন্ত শৰ্মা নামৰ টংলাৰ হোমিওপেথিক চিকিৎসকজনে নিশা প্ৰায় ৩.৩০ মান বজাত নিজ পত্নী নৱনীতা শৰ্মাৰ চোকা অস্ত্ৰৰে নৃশংসতাৰে জিভা, ডিঙিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত ঘপিয়াই আক্ৰমণ কৰে। লগে লগে দুই পুত্ৰই কন্দা কটা কৰাত জয়ন্ত শৰ্মাৰ ডাঙৰ ককায়েক ওলাই আহি মূমুৰ্ষ অৱস্থাত দেখা পাই নৱনীতাক। ততাতৈয়াকৈ গুৱাহাটী নাৰায়নন চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যুক সাৱটি লয় নৱনীতাই।

ইফালে জয়ন্ত শৰ্মাই হিতাহিত জ্ঞান হেৰুৱাই ঘৰৰ পৰা ওলাই যাই আৰু আত্মহননৰ পথ বাছি লয়। ৰাতিপুৱা টংলাৰ ষ্টেডিয়ামত চিপ লৈ থকা অৱস্থাত স্থানীয় লোকে তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে, অবিভক্ত দৰং জিলাৰ ভিতৰতে জয়ন্ত শৰ্মা এজন অতি জনপ্ৰিয় হোমিওপেথিক সু-চিকিৎসক হিচাপে পৰিচিত আছিল। পুৱতি নিশা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জয়ন্তৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই মুহূৰ্তলৈ ঘটনাৰ কাৰণ পোহৰলৈ অহা নাই যদিও টংলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মৃত্যুৰ সময়ত চিকিৎসকগৰাকীয়ে নিজৰ দুই কণমানি পুত্ৰৰ লগতে বৃদ্ধ মাতৃ আৰু ভাই ভতিজা এৰি থৈ যায়।

Category
Profile picture for user UB Photos