
আহোম ৰাজত্ব কালৰ ১৭৩৪ খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰী পূজা আৰু মেলা।
শিৱৰাত্ৰি উপলক্ষে শিৱদৌলৰ চৌহদ আৰু সমীপৱৰ্তী এলেকাসমূহ সজাই পৰাই তোলাৰ লগতে ৫০০ৰো অধিক বিপণী দিয়া হৈছে। ইতিমধ্যে পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কলকাতাকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ীসকলে বিপণীসমূহ লৈ সজাই তুলিছে।
উল্লেখযোগ্য যে চতুৰ্দশী পূজা আৰম্ভ হ'ব ১ মাৰ্চৰ ১:৪৯ বজাৰ পৰা ২ মাৰ্চৰ নিশা ১২ বাজি ১৬ মিনিটৰ লৈকে। এই কথা জনাই শিৱসাগৰ শিৱদৌলৰ মুখ্য পূজাৰীয়ে।
আনহাতে শিৱৰাত্ৰি মেলালৈ পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কলকাতা আদিকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা আহিছে ব্যৱসায়ী আৰু ভক্ত।
- Log in to post comments