ৰাজপথত আন্দোলন কৰাসকল সাৱধান! সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ প্ৰস্তুতি…

protest

ৰাজপথত আন্দোলন কৰাসকল সাৱধান। ৰাজপথত আন্দোলন কৰা সকলক সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগ সাজু হৈছে। প্ৰতিবাদকাৰী তথা আন্দোলনকাৰীৰ বিৰুদ্ধে আইন প্ৰনয়নৰ পিছত কেৱল আৰক্ষীয়েই নহয়, অৰ্ধসামৰিক বাহিনীকো দিয়া হৈছে বিশেষ প্ৰশিক্ষণ। উত্তৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৭৫ বেটেলিয়ন কেম্পত এই উদ্দেশ্যে বেটেলিয়নসকলক এঘাৰ দিনীয়াকৈ দিয়া হয় এক বিশেষ প্ৰশিক্ষণ। মং ১২৫ বেটেলিয়নৰ ৫০ গৰাকী বেটালিয়নক ১২০ বেটেলিয়ন টিমে প্ৰশিক্ষণ দিয়ে।

প্ৰতিবাদকাৰীসকলক যিকোনো উপায়ে ছত্ৰভংগ দিবলৈ আৰু প্ৰতিবাদকাৰীৰ কোনো ক্ষতি নোহোৱাকৈ নিয়ন্ত্ৰণৰ বাবে, RIOT CONTROL REFRESHER TRAINING শীৰ্ষক এই প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ বাবে ১২০ বিশেষ বেটেলিয়ন টিমে প্ৰশিক্ষণ দিয়ে আৰু আজি সামৰণি অনুষ্ঠানত কেম্পৰ চৌহদত চুড়ান্ত ড্ৰীলৰ প্ৰদৰ্শন হয়। পিছত বেটেলিয়ন সকলক উদ্দেশ্যি DIGP অনিল কুমাৰে পৰামৰ্শমূলক ভাষণ দিয়ে।

বেটেলিয়ন সকলৰ সুখ দুখৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সেৱাৰ মনোবৃত্তিৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে।

আদৰণি অনুষ্ঠানত কমাণ্ডাৰ সৌৰভ শৰ্মাই ভাষণত কয়, এতিয়া আইন কানুনৰ সমস্যা জটিল হৈ পৰিছে আৰু এই সমস্যা শান্তিপূৰ্ণভাবে সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। উল্লেখ্য যে প্ৰশিক্ষিত বেটেলিয়ন সকলক কামৰূপ জিলাত আৱশ্যক অনুযায়ী নিযুক্ত কৰা হ’ব।

Category
Profile picture for user UB Photos