ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা কিলি প’ললৈ সন্মান, ভাৰতীয় উচ্চায়ুক্তই প্ৰদান কৰিলে এই সন্মান…

Viral Photo

কিলি প’ল-তান্জানিয়াৰ যুৱক কিলি প’ল ভাৰতীয়ৰ বাবে অচিনাকী নহয়। বলিউডৰ গীতৰ তালে-তালে নৃত্য কৰি সকলোৰে মন মুহিবলৈ সক্ষম হোৱা তান্জানিয়াৰ যুৱকজনৰ ভিডিঅ’ চাই আমি বহুতেই আমোদ লওঁ।

photo

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিলি প’লে ভাৰতীয় চিনেমাৰ বহু গীতত অভিনয় কৰাৰ লগতে নৃত্য প্ৰদৰ্শন কৰাও দেখা যায়। মুহুৰ্ততে ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ লগতে কোটি-কোটি ভাৰতীয়ৰ হৃদয় জিনিবলৈ সক্ষম হোৱা কিলি প’লক সন্মান জনায় ভাৰতীয় উচ্চ আয়ুক্তই।

 

ইনষ্টাগ্ৰামত ২ মিলিয়নতকৈ অধিক অনুৰাগী থকা কিলি প’লক তান্জানিয়াত এই সন্মান দিয়ে উচ্চ আয়ুক্তগৰাকীয়ে।

উল্লেখ্য যে, নিজেই সুন্দৰ অভিনয় কৰাৰ লগতে কিলিৰ ভগ্নী নীমাইও কেতিয়াবা ভুমুকি মাৰে নৃত্যৰ ভিডিঅ’ত। পৰম্পৰাগত পোছাক পিন্ধি কিলি প’লে কৰা নৃত্য সকলোৰে বাবে প্ৰিয়।

Category
Profile picture for user UB Photos