অকল গুৱাহাটীৰ নহয় আৰু অসমৰ বহু যুৱক-যুৱতী গৈছে আলফালৈ: DGP

dgp assam

গুৱাহাটীৰেই নহয় বহু যুৱক-যুৱতী আলফালৈ- আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।

আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতকাৰত এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

তেওঁ কয়, অকল গুৱাহাটীৰ নহয়, অসমৰ আন প্ৰান্তৰো বহু যুৱক-যুৱতী গৈছে আলফালৈ। অৱশ্যে এইকথা আলফাই কেতিয়াও নিশ্চিত নকৰে বুলিও কয় সঞ্চালক প্ৰধানগৰাকীয়ে, আমিহে সন্দেহ কৰিছো বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই।

বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

Category
Profile picture for user UB Photos