আপুনি বিলাহী খাই ভাল পায়নে? আপুনি জানেনে শৰীৰৰ কি ৰোগৰ প্ৰতিৰোধক বিলাহী?

Tomato

বিলাহীৰ আঞ্জা খাই বেয়া পোৱা মানুহ হয়তো বহু কম ওলাব। বিভিন্ন আঞ্জাত বিলাহী দিলে আঞ্জাখনৰ সোৱাদো যথেষ্ট ভাল হয়। আপুনি বিলাহীৰ গুণাগুণ বহুতো শুনিছে, কিন্তু আপুনি যদি দৈনিক বিলাহী খায়, তেন্তে এটা মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব আপুনি।

Tomato

বৈজ্ঞানিকসকলে কৰা পৰীক্ষাৰ ফলাফল মতে, দৈনিক বিলাহী খালে ছালৰ সমস্যা যথেষ্ট পৰিমাণে দূৰ হয়। ই মানুহৰ ছালৰ কেন্সাৰ ৰোধ কৰে। কিন্তু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত কিদৰে সহায় কৰে বিলাহীয়ে?

tomatos

বিলাহীত থকা ৰঙা ৰঙে অতি বেঙুণীয়া ৰশ্মিৰ পৰা ছালখন সুৰক্ষিত কৰি ৰাখে। বিলাহীয়ে কেন্সাৰৰ টিউমাৰক বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে লগতে এয়া নিঃশেষো কৰে। ৰঙা বিলাহীত কেৰোটিনইড নামৰ এটা উপাদান থাকে, যি টিউমাৰ হ্ৰাস কৰাত সহায় কৰে।

tomatos

বিলাহীত উপলব্ধ লাইকোপীনত কেন্সাৰৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা থাকে। পৰীক্ষা অনুসৰি ছালৰ কেন্সাৰৰ পৰা বাচিবলৈ হ’লে সূৰ্য্যৰ ৰশ্মিৰ পৰা বাচিব লাগিব, আৰু বিলাহী খাই আপুনি পৰিত্ৰাণ পাব পাৰিব এই মাৰাত্মক ৰোগৰ পৰা।

Category
Profile picture for user UB Photos