
আজি বীৰ চিলাৰায় দিৱস। সমগ্ৰ ৰাজ্যজুৰি ফ্ৰেব্ৰুৱাৰী মাহৰ মাঘী পূৰ্ণিমাৰ দিনা চিলাৰায় দিৱস উদযাপন কৰা হয়।
চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱানো বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
চিলাৰায়ে পণ্ডিতক অশেষ আদৰ কৰিছিল । চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। চিলাৰায়শিৱ ভক্ত আছিল কিন্তু পাছত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পাবলে লয়। শংকৰদেৱৰ গুণ-গৰিমাত চিলাৰায় মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে।
আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে বীৰ চিলাৰায় দিৱস ৷
আজিৰ এই কঠিন সময়ত অসমত চুকাফা, শ্ৰীমন্ত শঙ্কৰদেৱ, চিলাৰায় আৰু লাচিত বৰফুকনৰ দৰে মহৎ লোকসকলৰ জীৱন পৰিক্ৰমা আৰু অতীতৰ প্ৰগতিশীল কাৰ্য্যাৱলী চৰ্চ্চাৰ পৰা পোৱা শিক্ষাইহে অসম তথা পূব ভাৰতক পুনৰ একতাৰ ডোলৰে বান্ধিবলৈ সঠিক পথ নিৰ্দ্দেশনা দিব পাৰিব৷
- Log in to post comments