কৰুণ! দ খাৱৈত পৰি চাৰিগৰাকী মহিলাৰ মৃত্যু, ১৫ জন আহত

accident

অৰুণাচল প্ৰদেশৰ ক্ৰা ডাদী জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন পিকআপ ভ্যানে নিয়ন্ত্ৰণ হেৰুৱাই নৈৰ সমীপৰ দ খাৱৈত বাগৰি পৰাত চাৰিগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ১৫ জনৰো অধিক লোক আহত হয়।

জানিব পৰা মতে, দেওবাৰে এই লোকসকলে এটা ফেল’শ্বিপ অনুষ্ঠানত অংশ লৈ টালিৰ পৰা পালিনলৈ উভতি আহি থকাৰ সময়তে সন্ধিয়া এই দুৰ্ঘটনাটো সংঘটিত হয়।

কুৱা কুমেই ব্ৰীজ পইণ্টৰ ওচৰত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০ মিটাৰ গভীৰ খাৱৈত বাগৰি পৰে।

এই ঘটনাটোত চাৰিগৰাকী মহিলা বহু পয়াম, নিক নেনিয়া, টকু য়াচি আৰু গৰা য়ায়াক আৰু ১৫ গৰাকী আহতৰ ৯ জনৰ অৱস্থা সংকটজনক আৰু তেওঁলোকক ইটানগৰলৈ প্ৰেৰণ কৰা হৈছে আৰু বাকী কেইজন পালিনত চিকিৎসাধীন হৈ আছে।

Category
Profile picture for user UB Photos