ভাৰতৰ জোৱাঁই হ'ব অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল! বিয়াৰ চিঠি হ'ল ভাইৰেল

Glenn Maxwell

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে তেওঁৰ ভাৰতীয় প্ৰেমিকা ভিনী ৰমণৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে।

ক্ৰিকেটাৰজনে এতিয়াও এই বিষয়ে কোৱা নাই যদিও মেক্সৱেলৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Card

অভিনেত্ৰী কস্তুৰী শংকৰে নিমন্ত্ৰণ কাৰ্ডখনৰ ফটো শ্বেয়াৰ কৰি কয় যে মেক্সৱেল আৰু ভিনীয়ে ২৭ মাৰ্চত বিবাহপাশত আৱদ্ধ হ'ব আৰু এই বিবাহ পৰম্পৰাগত তামিল ব্ৰাহ্মণ বিবাহ হ'ব।

"গ্লেন মেক্সৱেলে ভিনী ৰমণক বিয়া কৰাব। সুন্দৰ পৰম্পৰাগত তামিল মুহূৰ্ত পত্ৰিকাইৰ অনুষ্ঠান মতে আমি বাজি মাৰিব পাৰোঁ যে তামব্ৰাম অনুষ্ঠান হ'ব পাৰে... বগা গাউনৰ বিয়াও হ'ব নেকি? গ্লেন আৰু ভিনিক অভিনন্দন," কস্তুৰী শংকৰৰ টুইটটোত এইদৰে লিখিছিল।

 

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২২ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ খেলিবলৈ সাজু হোৱা মেক্সৱেল বৰ্তমান অষ্ট্ৰেলিয়াত আছে। শ্ৰীলংকাৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলা খেলি আছে।

গ্লেন মেক্সৱেল আৰু ভিনী ৰমণে কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে। ভিনীৰমণে প্ৰথমে ২০১৭ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনৰ সৈতে এখন ফটো পোষ্ট কৰিছিল। ২০২০ চনত মেক্সৱেলে দুয়োজনৰ এংগেজমেণ্টৰ কথা ৰাজহুৱা কৰিছিল।

Category
Profile picture for user UB Photos