"নগাঁওবাসীক মিছ কৰিম, Bye Bye নগাঁও Thank You নগাঁও"- আনন্দ মিশ্ৰ

Anand Mishra Leaving

‘‘সকলো ভালে থাকক, Bye Bye নগাঁও Thank you নগাঁও’’ 

এই মন্তব্যৰে নগাঁৱৰ পৰা বিদায় ল'লে বহুচৰ্চিত আইপিএছ বিষয়া তথা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

স্বভাৱসূলভ মিঠা হাঁহিৰে নগাঁও বাসীক শেষ সম্ভাষণ জনোৱা আৰক্ষী অধীক্ষকগৰাকী  বিগত সময়ছোৱাত নগাঁৱৰ ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছিল আনন্দ মিশ্ৰ।

anand mishra

২২ জানুৱাৰীত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল যদিও আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছিল ৰাইজৰ মাজত। কিন্তু তদন্ত কমিটীৰ প্ৰতিবেদনৰ পিছতো এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক নিৰ্দোষী বুলি মানি নলওঁ বুলি সংবাদ মাধ্যমত দিয়া বিবৃতিৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বদলি কৰা হয় আনন্দ মিশ্ৰক।

আজি পুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নগাঁওবাসীৰ মংগল কামনা কৰি শেষ বিদায় ল'লে জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকীয়ে। অহাৰ সময়ত নগাঁওবাসীক বহুত মিছ কৰিম বুলিও ক’লে আনন্দ মিশ্ৰই।

Category
Profile picture for user UB Photos