অসমৰ সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি, মেলানি মাগিলে সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাই...

Apurba Bezbaruah

ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক কৰুণ খবৰ, জনপ্ৰিয় কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই।  গুৰুতৰভাৱে অসুস্থ জনপ্ৰিয় শিল্পী অপূৰ্ব বেজবৰুৱাক ব্ৰেইন ষ্ট’কত আক্ৰান্ত হোৱাত সংকটজনক অৱস্থাত  দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

সোমবাৰে পুৱা প্ৰায় ১০ বজাত শিল্পীগৰাকীয়ে অসুস্থতা অনুভৱ কৰে আৰু অচেতন হৈ পৰে। তেওঁক লগে লগে এম্বুলেন্সেৰে হাস্পতাললৈ অনা হয়। কিন্তু সংকটজনক অৱস্থাত থকা কণ্ঠশিল্পীগৰাকীক বচাব পৰা নগ'ল।  বুধবাৰে বিয়লি  তেওঁৰ দেহাৱসান ঘটে।

 

অসমৰ সংগীতৰ উজ্জ্বল নক্ষত্ৰ অপূৰ্ব বেজবৰুৱাদেৱৰ বিয়োগত যথেষ্ট মৰ্মাহত হৈছোঁ। তেখেতে নিজৰ সাংগীতিক যাত্ৰাত অনন্য গায়কীৰে বহু দশকজুৰি শ্ৰোতাক মোহাচ্ছন্ন কৰি আহিছিল। পৰমপিতাৰ শ্ৰীচৰণত বেজবৰুৱাদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যবাসীক শোকাকুল কৰি তুলিছে। সংগীত পৰিচালক অপূৰ্ব বেজবৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই । শিল্পী গৰাকীৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি বৰাই মতপোষণ কৰে।

Category
Profile picture for user UB Photos