এবাৰ, দুবাৰ নহয় ৭৮ বাৰলৈ ক'ৰোনা পজিটিভ এজন ব্যক্তি! কোন, ক'ৰ হয় তেওঁ চাওঁক..

Covid Positive

এবাৰৰ বাবে কোৰোনাত আক্ৰান্ত হোৱাৰ অভিজ্ঞতা হয়তো প্ৰায়ভাগৰে আছে। ভয়-শংকাৰ মাজত পাৰ হোৱা সেই দিন কোনোৱেও পাহৰিব নোৱাৰে।

কিন্তু তুৰস্কৰ সংবাদ সংস্থাৰ মতে, এজন এনে ব্যক্তি আছে, যিয়ে ৭৮ বাৰৰ বাবে হৈছে ক'ৰোনা পজিটিভ। বিগত ১৪ মাহে তেওঁ নিৰন্তৰ ক'ৰোনাত আক্ৰান্ত হৈ আছে। প্ৰথমবাৰৰ বাবে ২০২০ত ক'ৰোনাই পাইছিল তেওঁক। তেতিয়াৰ পৰা তেওঁ ১৪ মাহ ধৰি নিৰন্তৰ আক্ৰান্ত হৈ আছে ক'ৰোনাত।

এই ব্য়ক্তিজনৰ নাম মুজাফাৰ কায়াচান, প্ৰতিদিনে তেওঁ ঘৰলৈ উভতি অহাৰ বাট চাই আছে। ক'ভিডত আক্ৰান্ত হ'লেও স্বাস্থ্যৰ অৱস্থা তেনে শংকাজনক নহয়, কিন্তু দুৰ্ভাগ্যক্ৰমে ক'ভিড টেষ্টৰ ফলাফল ঋণাত্মক নহয়।

এনে অৱস্থাত কায়চানৰ সামাজিক জীৱনৰ প্ৰায় অৱসান ঘটিছে। তেওঁ পৰিয়ালৰ সৈতেও সময় কটাব নোৱাৰে বা বন্ধুবৰ্গকো লগ কৰিব নোৱাৰে। তেওঁ আনকি ক'ভিডৰ ভেকছিনো গ্ৰহণ কৰিব পৰা নাই।

মন কৰিবলগীয়া যে, ৫৬ বছৰীয়া কায়াচান হৈছে লিউকেমিয়া ৰোগত আক্ৰান্ত, যি এক প্ৰকাৰৰ ৰক্ত কৰ্কট। এই ৰোগত শ্বেত ৰক্ত কণিকা হ্ৰাস হয় আৰু ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস হয়।

চিকিৎসকে জনোৱা অনুসৰি ইয়াৰ কাৰনেই কায়চানৰ তেজৰ পৰা ভাইৰাছবিধ নাইকিয়া হোৱা নাই। 

Category