
চাৰি দিনে সন্ধান নাই অৰুণাচলৰ পৰা এন এছ চি এনে অপহৰণ কৰি নিয়া ৩ যুৱকৰ। টিংখাঙৰ হীৰেন কোঁচৰ পৰিয়ালত হাহাকাৰ।
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেন কোঁচৰ পৰিয়ালত এতিয়া হাহাকাৰ। স্বামীক মুকলি কৰি দিবলৈ নগা ভাষাতে কাতৰ আহ্বান জনালে পত্নীয়ে।
কোঁচে বিগত প্ৰায় ৫ বছৰ ধৰি অৰুণাচলৰ লংদিঙত জে চি বি চালক হিচাপে কাম কৰি আছিল। তেওঁৰ লগত নিজ ভাতৃও আছিল। অৱশ্যে ভাতৃ বৰ্তমান অৰুণাচলতে আছে। যোৱা ৩১ জানুৱাৰী নিশা ৭ বজাত পত্নীৰ সৈতে শেষ বাৰৰ বাৰ্তালাপ হৈছিল। তাৰ পাছৰে পৰা হীৰেনৰ সৈতে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে।
- Log in to post comments