আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, ৫৩ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী শৰ্মাই

Himanta Biswa Sarma

৫৩ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এইটো প্ৰথমটো জন্মদিন। 

ইতিমধ্যে বিগত ৮ মাহত মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এক নতুন গতিৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। আজি জন্মদিনৰ দিনা সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ জন্মদিন পালনৰ আয়োজন কৰা হৈছে।

১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শৈশৱৰ পৰাই দিছিল নিজৰ প্ৰতিভাৰ উমান। ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ অহাৰ পিছৰে পৰা অসমৰ ৰাজনীতিৰ চাণক্য ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী শৰ্মাই।

২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল তৰুণ গগৈৰ এসময়ৰ নয়নৰ মণি হিমন্ত বশ্ব শৰ্মাই। ২০১৬ত বিজেপি বিধায়ক ৰূপে নিৰ্বাচিত হৈ সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত বিত্ত মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী ৰূপে কৰ্যভাৰ চম্ভালি ২০২১ চনত অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰে। কেৱল অসমৰে নহয় উত্তৰপূৱৰ ৰাজনীতিৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। 

কম সময়তে বহু ডাঙৰ সিদ্ধান্ত লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ প্ৰকৃত প্ৰমাণ পাবলৈ এতিয়া অৱশ্যে বহু সময় আছে। অসমবাসীৰ আশা পুৰণ কৰা কাৰ্যত কিমান সফল হয় সেয়া সময়ে ক'ব।

Category
Profile picture for user UB Photos