নগৰবেৰাত ৮ বছৰীয়া নাবালক বলি হ'ল যৌন নিৰ্যাতনৰ

Minor Boy Raped

কামৰূপ জিলাৰ নগৰবেৰাত এজন নাবালকক এজন ব্যক্তিয়ে যৌন উৎপীড়ন কৰাৰ অভিযোগ।

ঘটনাটো সোমবাৰে সন্ধিয়া সংঘটিত হয়। ঘটনা সংঘটিত কৰা ব্য়ক্তিজন আজমল হক বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে, যেতিয়া নাবালক ল'ৰাজনে খেলি আছিল তেতিয়া আজমল হকে চকলেটৰ লোভ দি শিশুটোক মিনি ট্ৰাকৰ ভিতৰত লৈ যায় আৰু যৌন নিৰ্যাতন কৰে।

স্থানীয় লোকে কোৱা অনুসৰি হকে আগতেও এনে কাৰ্যকলাপত জড়িত আছিল।

এজন স্থানীয় লোকে তেওঁক এই কাৰ্য্যত কৰি থকা অৱস্থাত ধৰা পেলাইছিল কিন্তু হকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ইফালে, ল'ৰাজনৰ পিতৃ-মাতৃয়ে আৰক্ষীক এখন এজাহাৰ দাখিল কৰে। এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা নাই পলাতক আজমল হক।

Category
Profile picture for user UB Photos