জাগীৰোডৰ আমলিঘাটৰ সোণাইকুছি বনাঞ্চলত মৃত অৱস্থাত উদ্ধাৰ এটা হাতী

Elephant Found Death

এক শোকাৱহ ঘটনা! জাগীৰোডৰ আমলিঘাট সোণাইকুছি পাহাৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা হাতী।

স্থানীয় লোকে প্ৰথমে দৃশ্যটো প্ৰত্যক্ষ কৰি বন বিভাগক বিষয়টো অৱগত কৰে। পিছত চিকিৎসক আৰু বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়।

এই মুহূৰ্তলৈ হাতীটোৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি বন বিভাগে জানিবলৈ দিয়ে।

ইতিমধ্যে বন বিভাগে হাতীটোৰ মৃতদেহ কবৰ দিয়াৰ ব্যৱস্থা কৰিছে।

ইয়াৰ আগতেও ১৮ জানুৱাৰীত সোণাইকুছি পাহাৰৰ এটা টিলাত দুটা হাতীৰ পোৱালী মৃত অৱস্থাত পোৱা গৈছিল। 

যোৱা বছৰ, নগাঁওৰ কাৰ্বি আংলং জিলাৰ এখন পাহাৰত কমেও ১৮টা হাতী মৃত অৱস্থাত পোৱা গৈছিল।

Category
Profile picture for user UB Photos