আৰক্ষী হোৱাৰ সপোন দেখি আৰক্ষীৰ হাততেই গুলীবিদ্ধ হ’ল কীৰ্তিকমল বৰা

nagaon-encounter-one-kirtikamal-baruah-injured

আকৌ গৰজিছে অসম আৰক্ষীৰ বন্দুক। অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী নিক্ষেপ কৰাটো এতিয়া এটা সহজ কথা। কিন্তু এইবাৰ অপৰাধী নহৈও আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হ’ল এজন ছাত্ৰ নেতা। যি এনকাউণ্টাৰৰ ঘটনাই এতিয়া কঁপাইছে সমগ্ৰ ৰাজ্য। নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰে সমগ্ৰ ৰাজ্যত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

শনিবাৰে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডৰ গুলীত আহত হ’ল কীৰ্তিকমল। আঁঠুৰ ওপৰভাগত গুলীবিদ্ধ প্ৰাক্তন আছু নেতা গৰাকী। শনিবাৰে মাতৃৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ গৈছিল কীৰ্তি। সেই সময়তে আৰক্ষীয়ে অতৰ্কিতে আক্ৰমণ কৰে কীৰ্তিক। শান্ত স্বভাৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যদিও নগাঁও আৰক্ষীৰ দাবী-কৰ্তব্যৰত আৰক্ষী জোৱানক আক্ৰমণ কৰিছিল কীৰ্তি কমল বৰাই। আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মন্তব্য, “কীৰ্তিকমল বৰাই আক্ৰমণ কৰিছিল আৰক্ষীক। কীৰ্তিকমলৰ আক্ৰমণত আহত হৈছে আৰক্ষী জোৱানো।”

কিন্তু আৰক্ষীয়ে পৰিকল্পিতভাৱে কীৰ্তিলৈ গুলীচালনা কৰাৰ অভিযোগ কীৰ্তিকমল বৰাৰ পৰিয়ালৰ। টিউচন কৰি দুপইচা অৰ্জন কৰি পৰিয়াল পোহপাল দিয়া শান্ত প্ৰকৃতিৰ যুৱকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। কিন্তু GMCHত কীৰ্তি কমল বৰাৰ দেহত ক’ভিড পজিটিভ পোৱা যায়। বৰ্তমান ক’ভিড ৱাৰ্ডত ৰখা হৈছে ছাত্ৰনেতাজনক। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও ভৰিত গুলী লগাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে বুলি জনাইছে চিকিৎসকে।

এই কাণ্ডৰ পিছতে সচেতন মহলে গৰিহণা দিছে এনে কাৰ্যক। সকলোৱে সমালোচনাৰে থকা-সৰকা কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক। নিৰপৰাধীক গুলীওৱাৰ বাবে ৰাজপথত তীব্ৰ প্ৰতিবাদেৰে ক্ষোভ উজাৰিছে বহু দল-সংগঠনে। সকলোৱে SP আনন্দ মিশ্ৰ মুৰ্দাবাদ ধ্বনিৰে কঁপাইছে বতাহ। সকলোৰে দাবী-‘ন্যায় প্ৰদান কৰক কীৰ্তিকমল বৰাক’।

Category
Profile picture for user UB Photos