ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু। ভোগালীক লৈ চৌপাশে পাৰভঙা উছাহ। কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো নহ'ল পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ।
পিছে উকা হৈ ৰ'ল হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰি। এইবাৰো আয়োজন কৰা নহ'ল বুলবুলি চৰাইৰ যুঁজ। ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান হাজো ৰাইজৰ। বিগত ৭ বছৰ ধৰি বন্ধ হৈ আছে বুলবুলি চৰাইৰ যুঁজ। আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি আহিছিল এই বুলবুলি চৰাইৰ যুঁজ। কিন্তু পুনৰ এই ঐতিহাসিক খেলখন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়লৈ অনুৰোধ জনাইছে হাজোৰ স্থানীয় ৰাইজে।
- Log in to post comments