কভিড১৯ৰ মাজতে মেঘালয় চৰকাৰে উদযাপন কৰিব ৰাজ্য়খনৰ ৫০ বছৰীয়া সোণালী জয়ন্তী

Meghalaya

কোভিড-১৯ আৰু অমিক্ৰনৰ তৃতীয় ঢৌয়ে দেশবাসীক ইতিমধ্য়ে আতংকিত কৰিছে।

ইয়াৰ মাজতে মেঘালয় চৰকাৰে ২১ জানুৱাৰীত ৰাজ্যখনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি, উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে কয় যে সোণালী জয়ন্তী উদযাপন চলি থাকিব আনকি চৰকাৰে মুখ্য সচিব আৰু উপায়ুক্তসকলক অহা সপ্তাহৰ ভিতৰত উদযাপন সম্পৰ্কীয় বিতং কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ কৰিবলগীয়া যে মেঘালয় চৰকাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোণালী জয়ন্তী উদযাপনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছে, কিন্তু আজিলৈকে এই ভ্ৰমণ সন্দৰ্ভত পিএমঅ'ৰ পৰা কোনো নিশ্চিতি পোৱা হোৱা নাই।

মেঘালয় চৰকাৰেও ৰাজ্যখনৰ ৫০বছৰ উপলক্ষে কেইবাটাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে, কিন্তু কভিড১৯ আক্ৰান্তৰ সংখ্য়া বৃদ্ধিৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে।

আনহাতে, মেঘালয় চৰকাৰে সোমবাৰৰ পৰা প্ৰথম পৰ্যায়ত জ্যেষ্ঠ নাগৰিক, স্বাস্থ্য কৰ্মী আৰু ফ্ৰণ্ট লাইন কৰ্মীসকলক বুষ্টাৰ পালি প্ৰদানৰ আৰম্ভণি কৰিব।

Category
Profile picture for user UB Photos